Akuli Bikuli Lyrics | Zubeen Garg, Nahid Afrin | Priyar Priyo Lyrics

Song:Akuli Bikuli
Singers: Zubeen Garg, Nahid Afrin
Movie: Priyar Priyo
Music/Lyrics: Zubeen Garg

Akuli Bikuli Lyrics

আকুলি বিকুলি হিয়া মোৰে বাউলি
শেৱালী আবেলি বুকুতে আছে ফুলি
দুভৰিৰ উলাহে একো নামানে আজি
উথলি উথলি জোনাকো নাচে আজি
এতিয়া বুকুত তুমি জোন হৈ জোন হৈ.
এতিয়া হৃদয় জ্বলি সোণ হয় সোণ হয়.
এতিয়া বুকুৰ পথাৰ সেউজ হৈ সেউজ হৈ
এতিয়া মনত তুমি ফুল হৈ ফুল হৈ.
আকুলি বিকুলি হিয়া মোৰে বাউলি

INSTRUMENTAL

কোৱাচোন কোৱা এবাৰ কোৱা
তুমি কোন নীলা পখিলা
বুকুৰ কোণত অমিয়া পৰত
বুলাই কি ৰং আঁকিলা
অচিনা সুৰভি উৰি আহে
অচিনা সুৱদি সুৰ ভাঁহে
পলাশৰ এথোপা ৰং হৈ আহিলা
এতিয়া উশাহ তোমাৰ শেষ হয় শেষ হয়.
এতিয়া নিমাত নিশা গান হয় গান হয়.
এতিয়া বুকুত তৃষাৰ নৈ বয় নৈ বয়.
এতিয়া বুকুৰ অনল হিম হয় হিম হয়.
আকুলি বিকুলি হিয়া মোৰে বাউলি

INSTRUMENTAL

অবুজ অবুজ মৰম মৰম
নেজানো কিয় যাঁচিলা
শুকুলা মেঘৰ মৰম ভাঁজত
কিযে কথা লিখিলা
চেনেহৰ এই বিষ কিয় বাকিলা
শোণিতত এই মন কিয় আনিলা
উশাহত তোমাৰ নাম কিয় লিখিলা
এতিয়া ৰৈ থকাৰ নাই সময় নাই সময়.
এতিয়া হৃদয় কোৱাল যায় প্ৰণয় যায় প্ৰণয়.
এতিয়া আতুৰ অধীৰ মোৰ প্ৰলয় মোৰ প্ৰলয়.
এতিয়া মোৰ আবেগ যেন নৰয় যেন নৰয়.
আকুলি বিকুলি হিয়া মোৰে বাউলি
শেৱালী আবেলি বুকুতে আছে ফুলি
দুভৰিৰ উলাহে একো নামানে আজি
উথলি উথলি জোনাকো নাচে আজি
এতিয়া বুকুত তুমি জোন হৈ জোন হৈ.
এতিয়া হৃদয় জ্বলি সোণ হয় সোণ হয়.
এতিয়া বুকুৰ পথাৰ সেউজ হৈ সেউজ হৈ
এতিয়া মনত তুমি ফুল হৈ ফুল হৈ.
এতিয়া হৃদয় জ্বলি সোণ হয় সোণ হয়.
এতিয়া বুকুৰ পথাৰ সেউজ হৈ সেউজ হৈ

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.